জিকিৰ


প্রঃ ১। চমু উত্তৰ দিয়াঃ


(ক) জিকিৰৰ ৰচক কোন?

উঃ জিকিৰৰ ৰচক আজান ফকিৰ।


(খ) জিকিৰবােৰক কিহৰ লগত তুলনা কৰিব পাৰি?

উঃ জিকিৰবােৰক হিন্দু ধৰ্মৰ ভক্তিমূলক প্রার্থনা বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি।


(গ) জিকিৰ’ শব্দটো কি শব্দৰপৰা ওলাইছে?

উ : জিকিৰ শব্দটো “জিকৰ” শব্দৰ পৰা আহিছে।


প্র : ২। জিকিৰ শব্দৰ অৰ্থ লিখা। 

উ : জিকিৰ শব্দৰ অৰ্থ হ’ল স্মৰণ কৰা। জিকিৰ শব্দটো “জিকৰ” শব্দৰ পৰা আহিছে। জিকিৰ ৰচক হ’ল আজান ফকিৰ। জিকিৰবােৰক হিন্দু ধৰ্মৰ ভক্তিমূলক প্রার্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি। সেয়েহে জিকিৰক ইছলাম ধৰ্মৰ ভকতীয়া গীত বুলি ক’ব পাৰি। ইছলাম ধৰ্মৰ মূল তত্ববােৰ জিকিৰৰ মাজতে নিহিত হৈ আছে।


প্র : ৩। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।

যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি।।

–ওপৰত উল্লেখ কৰা কথাখিনিৰ অন্তনিহিঁত ভাৱটি বিশ্লেষণ কৰা।

উঃ মক্কা ইছলাম ধৰ্মীলােকৰ এক পৱিত্র তীর্থস্থান। সেই স্থানলৈ পৱিত্ৰ হৃদয়ৰ গৰাকীসকলেহে তীর্থ কৰিবলৈ গৈ সুফল লভিব পাৰে। অসৎ আৰু অবিশ্বাসী লােক তালৈ গলেও পৱিত্ৰ তীৰ্থৰ সার্থকতা লাভ কৰিব নােৱাৰে। তেনেলােকে মক্কাৰ দুৱাৰত ‘তালি’ মাৰি থাকিবহে পাৰে। তাত প্ৰৱেশ কৰিব নােৱাৰে, যিদৰে শাল-শ’ল মাছৰ লগত যুঁজ দিবলৈ গ’লে দৰিকণা মাছে জিভাৰে তপটপাই থকাৰ বাহিৰে একো কৰিব নােৱাৰে।


ব্যাখ্যা কৰাঃ

প্রঃ ৪। (ক) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।

বেহাব নােৱাৰে তাত মায়াই ভেটে বাট ।।

উঃ উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সুবাসৰ’ অন্তর্গত আজান ফকিৰৰ “জিকিৰ আৰু জাৰী” পাঠটিৰ পৰা তুলি অনা হৈছে।

         কথাফাকিৰ জৰিয়তে আজান ফকিৰ চাহাবে মক্কাক ত্রিবেণী সংগমৰ দৰেই পৱিত্র স্থান বুলি উল্লেখ কৰিছে। এই দুই পৱিত্র স্থানৰ উদ্বিতিৰে কবিয়ে মায়ামোহে মানুহক প্রকৃত কৰ্মৰ পৰা আঁতৰাই ৰখা কথাটো বুজাব বিচাৰিছে।

        তিৰবেণীৰ ঘাট বা ত্রিবেণী সংগম’ হিন্দুসকলৰ পৱিত্র তীর্থস্থান আৰু মক্কা মুছলমানসকলৰ পৱিত্ৰ তীর্থস্থান। মানুহে এই দুই স্থানৰ দৰ্শন কৰি জীৱনত পুণ্য আর্জিব বিচাৰে। মানুহে নিজৰ কৰ্মৰ জৰিয়তে নিজৰ মাজত যদি ভগৱানৰ অস্তিত্ব উপলব্ধি কৰিব নােৱাৰে তেন্তে এনে পৱিত্ৰ স্থানৰ দর্শনে মানুহক মুক্তি প্রদান নকৰে। কিন্তু, মায়া-মোহত বন্দী মানুহে ভগৱানক নিজৰ মাজত উপলব্ধি কৰিব নােৱাৰে। এই মায়াই মানুহক জীৱন সম্বন্ধে প্রকৃত সত্যক উপলব্ধি কৰাত বাধা দিয়ে।


(খ) পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত।

খােদা ৰছুল লুকাই আছে মােমিনৰ আঁৰত।। (H.S.L.C.-16)

উ : উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সুবাসৰ অন্তর্গত আজান ফকিৰৰ “জিকিৰ আৰু জাৰীৰ পৰা তুলি অনা হৈছে।

কথাফাকিৰ জৰিয়তে আজান ফকিৰে আল্লাক প্রার্থনা কৰা আৰু নিজ আত্মাৰ মাজত আল্লাক উপলব্ধি কৰাৰ কথাটোকে প্ৰসংগক্রমে উল্লেখ কৰিছে। পানীয়ে মানুহৰ পিয়াহ দূৰ কৰে; পিয়াহত থকা ব্যক্তি এজনে পানী খাই যেনেদৰে পিয়াহ দূৰ কৰে ঠিক তেনেদৰে জাৰত কঁপি কঁপি থকা ব্যক্তি এজনক জুয়ে উত্তাপ দি জাৰৰ পৰা ৰক্ষা কৰিব পাৰে। 


পিয়াহত থকা ব্যক্তি এজনৰ বাবে পানীৰ প্ৰয়ােজনীয়তা কিমান এই কথা পানীয়ে নাজানে; সেই দৰে অগ্নিয়েও নাজানে জাৰত কঁপি থকাজনৰ বাবে অগ্নিৰ প্রয়ােজন কিমান। এই উপমাৰ জৰিয়তে ইয়াকে বুজাব বিচৰা হৈছে যে পৃথিৱীত থকা কোনাে বস্তুৱেই নিজৰ শক্তি আৰু অক্তিত্ব সম্পর্কে জ্ঞাত নহয়। 


মানুহে আল্লা অর্থাৎ ভগৱানক বিচাৰি হাবাথুৰি খায়; আল্লাৰ আশীষ কামনা কৰি মছজিদে-মন্দিৰে ঘূৰি ফুৰে, কিন্তু মন্দিৰ- মছজিদবােৰেই আল্লাক প্রাপ্তিৰ একমাত্র স্থান নহয়। আল্লা অর্থাৎ ভগৱান আছে আমাৰ সকলােৰে হৃদয়ত। পৃথিৱীত ওপজা প্রত্যেকজন ব্যক্ৰিয়েই দৰাচলতে ঈশ্বৰ বা আল্লাৰ দূত। আমি যদি মানুহৰ মংগলৰ কাৰণে কাম কৰোঁ, মানৱ সেৱা কৰোঁ তেন্তে ঈশ্বৰক আমি নিজ আত্মাৰ মাজতে উপলব্ধি কৰিব পাৰিম।


(গ) সজাৰ মইনাটিৰ অনেক যুগুতি।

দেও মাৰি পাৰ হ’লে এৰিলে পিৰীতি।।

উঃ উক্ত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সুবাসৰ অন্তর্গত আজান ফকিৰৰ “জিকিৰ আৰু জাৰীৰ পৰা তুলি অনা হৈছে।

কথাফাকিৰ জৰিয়তে কবিয়ে জীৱন আৰু মৃত্যু বিষয়ে বুজাব বিচাৰিছে।মানৱ জীৱন সকলােৰে প্রিয় কিন্তু এই জীৱন ক্ষণস্থায়ী। জীয়াই থকাৰ সময়খিনিত মানুহে নিজৰ জীৱনটোৰ মহত্ব উপলব্ধি কৰিব নােৱাৰে। মিছা মায়া- মােহত বন্দী হৈ জীৱনটো উপভােগ কৰাতেই মানুহ ব্যস্ত হৈ থাকে। কিন্তু, মৃত্যুয়ে মানুহৰ এই সকলােবােৰ নিমিষতে শেষ কৰি দিয়ে। জীৱনৰ মায়া-মােহ, ঐশ্বর্য-বিভূতিবােৰৰ মৃত্যুৰ পিছত কোনাে অস্তিত্ব নাথাকে। মানুহৰ অহংকাৰ, গৌৰৱ সকলাে মৃত্যুৰ লগতে শেষ হয়। সজাৰ মইনাস্বৰূপ মানুহৰ জীৱনটো যেতিয়াই শেষ হৈ যায়, তেতিয়াই সংসাৰৰ মােহাে নাইকিয়া হয়।

জিকিৰ দশম শ্ৰেণী


চমু উত্তৰ দিয়া 


১) জিকিৰ শব্দটো আৰবী কোনটো শব্দৰ পৰা আহিছে ?


ক) মোমিন  খ)  ৰহম  গ)  কুটুব  ঘ) জিকৰ


উঃ ঘ) জিকৰ


২) খোদা ৰছুল ক’ত লুকাই থকা বুলি জিকিৰটোত কৈছে ?


ক) মোমিনৰ আঁৰত  খ) তিৰবেণীৰ ঘাটত  গ) মক্কাৰ দুৱাৰত  ঘ)আচমানত


উঃ ক) মোমিনৰ আঁৰত


৩) যিবোৰ গীতত সঘনে পৰম কৰুণাময় আল্লাৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰা বিধানসমূহৰ লগতে ইছলামৰ মৌলিক নীতিসমূহো প্ৰকাশ কৰা হৈছে, সেই গীতসমূহক কি বোলে


ক) দেহবিচাৰৰ গীত  খ)  টোকাৰী গীত  গ)  জিকিৰ  ঘ)  বৰগীত  উঃ গ)  জিকিৰ


৪) ‘ ছাত্ৰ জীৱনত অধ্যয়নক আওকাণ কৰাটো উচিত নহয় ‘ 


ওপৰৰ বাক্যটোৰ কোনটো শব্দত উপসৰ্গ ব্যৱহাৰ হৈছে  ?


ক) অধ্যয়ন  খ)  আওকাণ  গ)  ছাত্ৰজীৱন  ঘ)  উচিত


উঃ খ)  আওকাণ


৫) তলত দিয়া কোনটো শব্দ ‘ পিয়াহ ‘ শব্দৰ সমাৰ্থক শব্দ ?


ক) পীৰিতি খ)  ক্ষুধা গ)  দৰিয়া ঘ)  তৃষ্ণা


উঃ ঘ)  তৃষ্ণা


(ক) জিকিৰৰ ৰচক কোন?


জিকিৰ ৰচক হ’ল শাহ মিলান’ নামৰ এগৰাকী ইছলামী সাধু। তেওঁক আজান ফকিৰ” বুলিও জনা যায়।


জিকিৰবােৰ কিহৰ লগত তুলনা কৰিব পাৰি?


জিকিবােৰক হিন্দুসকলৰ ভক্তিমূলক প্রার্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি।


জিকিৰ’ শব্দটো কি শব্দৰ পৰা ওলাইছে?


জিকিৰ শব্দটো ‘জিকৰ ’ শব্দৰ পৰাই ওলাইছে। জিকিৰ শব্দৰ মূল অর্থ হ’ল ৰণ কৰা।


অর্থ লিখাঃ

আচমান—আকাশ

আদম—আদি মানৱ, আল্লাৰ সৃষ্ট প্রথম মানুহ।

কুটুব—ধ্ৰুৱ-নক্ষত্র

তিবেণী—ত্রিবেণী। গংগা, যমুনা আৰু সৰস্বতীৰ সংগম স্থল, পৱিত্ৰ ঠাই।

দৰিয়া—সাগৰ, নদী।


মােমিন— বিশ্বাসী মুছলমান

ৰচুল—দেৱদূত, ঈশ্বৰ প্রেৰিত পুৰুষ, আল্লাৰ দূত।


ৰহম—দয়া